Pages

Thursday 14 March 2013

বুকুত এটা বাঁহীৰ মাত ......



বুকুত এটা বাঁহীৰ মাত ......

ক'ৰেনো গৰখীয়া বুকুত ৰাখিছা বান্ধৈ এযুগী সন্ধিয়া লৈ
চিৰ সেউজৰ সেই যে সুৱগা প্ৰভাত ক'ত নো লুকাল গৈ ?
পেইন্টিঙ: ৰবিন্দ্ৰ তৌমাৰ । 


বাঁহীৰ মাতে নিশ্চয় নিৰ্জনতাৰ সৈতে কথা পাতিছে..
কৃষ্ণ কৃষ্ণ বুলি নোজোকাবা হেমন্তক, তুমিতো হব নোৱাৰা ৰাধাজনী তাৰ ।

> বাঁহীৰ সুৰে কি নিচুকাব, ৰাধাৰু অশান্ত মন...
হেমন্তৰ বুকুত এইয়া বাঁহী নহয়্, ফাগুণৰহে অশান্ত ধল ।

তোমাক যে প্ৰথম পাইছিলো ফাগুনতে সেয়েহে তুমি মোৰ অতিকে আপোন |

> কলীয়া তুমি আপোন বুলি যে দিয়া ধূসৰ ৰস
ৰাখো তাতো প্ৰহৰৰ গতি
সুৰৰ আঁৰৰ বিষাদ খিনি মইও বও, 
তোমালৈ বুলি আজিও বৰদৈচিলা হও ।

শুনো যেন সুৰ / সংযমহীন যাযাবৰী জীৱনৰ ঠিকনা / সাক্ষী হ’ল পৃথিৱীৰ মৌনতা !
মোৰ দৰেই আৱেগত ধুমুহাৰ দৰে সাৰে থাকিবি ৰাতি ! মাথো অসীম অপেক্ষা...........স্তব্ধ...অনুভৱ ,,,,,

> তোমাৰ বাঁহীৰ সুৰে আজি খহাই মৌনাতাৰ পাৰ
মোৰো এবুকু বোৱতী ঢল...
সংযমহীন নাছিলো কাহানিও 
আছিল সেইয়া মাথোঁ সেউজ বুলৰ প্ৰতিটো পল ।

মৃত্যুশীতল অগতানুগতিক অবিশ্বাসী ৰাতি, মাথো অপেক্ষা, নিষিদ্ধ এন্ধাৰ, এখন সেউজীয়া ছবি 


> ৰাতিবোৰতো সদায়েই বিশ্বাসৰ ইপাৰ
চুই যায় তোমাৰ সুৰে সূদুৰৰ পৰা...
বাঁহীক নিদিও দোষ কানাই,
যৌৱন সেউজ এয়া, জানানে...
মোৰেই হৃদয় আজি অপেক্ষাৰে আঁক বাঁক কৰা ।

এন্ধাৰত যুঁজ দিয়া নিসংগতাক নভবাকৈয়ে আঁকি পেলাওঁ নিষ্পাপ উকা কাগজত |

> হৃদয়ত বৈ যোৱা তোমাৰো আঁক বোৰক লৈ
কেনেকৈ নো বাও সেই নিসংগতাৰ মাকো
যুঁজাৰো মনৰ এন্ধাৰ কোণাত
তোমাৰ বাঁহীৰ মাত নুশুনি কেনেকৈ থাকো ?

কিছু অপ্ৰাপ্তিৰ কিছু প্ৰাপ্তিক লৈ সুমধুৰ নিশাৰ অনন্য অনুভূতিৰ আলিংগন !


> ৰাধাৰ বিৰহ তুমি নুবুজা কানাই
আলিংগন নহয়, বুকুত প্ৰেমৰহে দাবানল
প্ৰাপ্তিতটো নাছিল প্ৰেমৰ সীমা
ক'ত হেৰাল আমাৰ সেই যমুনা তীৰ বিশাল ?

বুকুত আন্তৰিক শিহৰণ, হেৰুওৱা সুৰৰ ..... !
অনুভৱ কৰো তোমাক প্ৰতিটো সুৰত সমৰ্পিত হৃদয়ৰ সমগ্ৰ শূন্যতাক...

> পোহৰ নদীৰ দুটি অবুজন পাৰ
তুমি, তুমি আৰু মই 
অনুভৱৰ বুকু ভেদি উজাই বুজনে
সূতি হেৰাই বাঁহীৰ সুৰত
শূণ্যতাত সজাই তোলো উকা পাত খিলা... আহা
তুমি, মই আৰু মই ।


> ৰাধাৰ বিৰহত নোহে বিষ্ণুৰ মহিমা
প্ৰেমৰ সংঙ্গাই বা কি
বাঁহীৰ সুৰক থোৱা সযতনে 
লক্ষীৰ দায়ত কৰিবা সাক্ষী
সাচঁটি যৌৱনৰ মিছা মায়া মোহত পৰি
এই পাগলী ৰাধাইনো তৰে কি ?





~ চৈয়দ আৰু হেমন্তৰ 2য় এটা সৰু প্ৰচেষ্টা । 

.

Saturday 24 November 2012

তুমি আৰু মই


দুজন ব্যক্তিৰ ভাৱৰ কবিতামূলক আদান প্ৰদানক "তুমি আৰু মই"ৰ জৰিয়তে এটা প্ৰকাশ্য ৰূপ দিয়াৰ লঘূ চেষ্টা ।

> সকলো.....অস্পষ্ট । সময় .... সপোন...সুখ...

জীৱন ...এজাক বুজা নুবুজাৰ ডাৱৰ .... অলপ সময় অসময়ৰ অভিমান আৰু কিছুমান অস্পষ্ট সপোন ।

> অলপ বুজা আৰু বহুত নুবুজাৰ এক গাঠি খুলিব নোৱাৰা মায়া জাল :)
       
মানুহ ... মায়া মানেই সুখ আৰু দুখ .... সংসাৰ ... এৰিব নোৱাৰা চিৰ সত্য এক মোহ ।

> জীৱন তোমাক সজায় ৰাখিম মোৰ বুকুৰ কোঠাত আজীৱন ৷ 

কোনখন বুকুৰে সাৱটিবা সেই দিনা .... জীৱন নামৰ পক্ষীটি শুকোলা সাগৰ পাবগৈ যি দিনা । 

সময়ৰ শৰত আজি তোমাৰ প্ৰতিশ্ৰুতি, ক'ত আছে জীৱন নামৰ আমাৰ সেই যুগ্ম সপোনটি । 

> কেতিয়াবা নিঃশব্দত,ৰাতিৰ আকাশত, স্মৃতিৰ উশাহত, পৰিত্যক্ত আকুল হৃদয়ত,কেতিয়াবা প্ৰতাৰণাৰ নধুময় সঙ্গীতত !!!!

অভিমানৰ ছ্দ্ম নাছোন, কোন খন নাৱঁৰ নিঃশব্দ্তাই ভেদে আজি উশাহৰুপী নদীৰ সেই সুৱাস জাক? 

পৰিত্যক্ত আজি তোমাৰ আপোন আকাশ, প্ৰতাৰণাৰ কোন বেশে আজি আৱৰে তোমাক্?  

> ইমান যাতনা..সীমাহীন আৱেগত .... সৃষ্টিৰ তাড়না !!!!

প্ৰতাৰণাৰ বেশ আৰু সৃষ্টিৰ কান্দোন ... নিজস্ৱ্তাৰ আন এক ছ্দ্ম নাম । 

মোৰ বুকুৰ ছেঁকুৰা নহল যেন হলগৈ সেউজৰ উতলা উন্মাদ ।

> মোৰ বুকুৰ গানবোৰো চৌদিশে এতিয়া নিজতকৈও বেছি প্রিয় শিহৰন !!!!!

মন সেউজৰ বীজ বোৰটো আছিল দুয়োৰে হেপাহ্... ভাগৰুৱা আজি তোমাৰ সেই মিছা প্ৰ্তাৰণা । 

কোন খন বীণৰ সুৰ এইয়া ... নে অভিমানৰ চেপা উশাহ । 

উৰা মাৰা সেই মায়া জীৱনলৈ নে প্ৰতাৰণাৰ এইয়া অৱকাশ... নে প্ৰ্ৰতিশোধ ৰুপী আজি সন্ধিয়া বেলা । 

> সান্নিধ্যৰ চিনাকি সুবাস,বতাহত বিষাদ,জীৱন আজি ভাগৰুৱা এবাৰ আকাশ ফালি তেজত জুই .........

শিঁহৰণে ছূড়মাৰ কৰি যোৱা আৱেগ, বুজা নুবুজাৰ সেই ডাৱৰ .... 

কেনেকৈ আকোঁ একোৰা তেজ, সিউ যে আজি তোমাৰ মিছা উন্মাদনাত নিস্তব্ধ ।



~  চৈয়দ আৰু হেমন্তৰ কবিতা । 




 

Monday 19 November 2012

তোমাক বুজাও কিদৰে !


দুচকুৰ নিয়ঁৰ সনা আভাসত তুমিয়েই থাকা,
মই বুজাও কিদৰে !

আশাভৰা সপোনবোৰত তুমিয়েই থাকা,
মই বুজাও কিদৰে !

এবাৰ ভাবিবা সেই আমাৰ যুগ্ম সংলগ্নলৈ, সেই সাগৰ ঢৌৱা সপোনবোৰলৈ
আশাভৰা সপোনবোৰতো যে তুমিয়েই থাকা,
মই বুজাও কিদৰে !

অভিমানৰ নাওঁ খন আৰু কিমান দূৰলৈ মেলা,
পাৰতো যে আছে এজাক সূৱাস ৰৈ,
মই বুজাও কিদৰে !

লঠৰা জীৱনৰ চাকনৈয়াত যে কত' প্ৰতিঘাত্,
জীৱন নদীৰ সিটো পাৰত যে কত' সংঘাট্,
মই বুজাও কিদৰে !

এতিয়াও ভাবো তুমি বুজিবা, মেলিবা মনৰ সঁচা দুৱাৰ
বুজিবা জীৱন এৰা ধৰাৰ এক খন্তেকিয়া পলক, কিন্তু ....
মই বুজাও কিদৰে !


~ আৰিফা মাজিদ(ৰ পৰা দাদূলিলৈ)।


.

আইৰ শুকোলা বেলা


সেউজৰ পৰশত যেতিয়া ভাগি পৰে সৰগ্ 
তুমি ক'ত থাকা, 
সোণালী সুৱাশে যেতিয়া সুৱৰাই যাই এযৃগ 
তুমি ক'ত থাকা,

আজি যেতিয়া তোমাক লাগে মোৰ শিতানত
আজি যেতিয়া মোৰ মৃখাগ্নিত লাগে তোমাৰ পৰশ
তুমি ক'ত থাকা,

আজি তোমাৰ আইৰ শুকোলা বেলাত
তুমি ক'ত থাকা,

অসমী আইৰ আজি সেইয়াই গতি
সহোদৰৰ তেজাল বেলাত
তুমি ক'ত থাকা?

~ আৰিফা মাজিদ্। 

Monday 12 March 2012

প্ৰেৰণা...


প্ৰতিবাদ কৰাৰ ঈছ্ছা মোৰ সমূলি নাছিল...
তোমাৰ বকৰা বুকুত সেউজৰ আশা আছিলেই বা কিয়?

প্ৰেৰণা, তুমি কি নিৰ্লজ আকাশৰ আশাবাদী লৌহ-দুৱাৰ?



কবি: চৈয়দা আৰিফা মাজিদ