বুকুত এটা বাঁহীৰ মাত ......
> ক'ৰেনো গৰখীয়া বুকুত ৰাখিছা বান্ধৈ এযুগী সন্ধিয়া লৈ
চিৰ সেউজৰ সেই যে সুৱগা প্ৰভাত ক'ত নো লুকাল গৈ ?
পেইন্টিঙ: ৰবিন্দ্ৰ তৌমাৰ । |
বাঁহীৰ মাতে নিশ্চয় নিৰ্জনতাৰ সৈতে কথা পাতিছে..
কৃষ্ণ কৃষ্ণ বুলি নোজোকাবা হেমন্তক, তুমিতো হব নোৱাৰা ৰাধাজনী তাৰ ।
> বাঁহীৰ সুৰে কি নিচুকাব, ৰাধাৰু অশান্ত মন...
হেমন্তৰ বুকুত এইয়া বাঁহী নহয়্, ফাগুণৰহে অশান্ত ধল ।
তোমাক যে প্ৰথম পাইছিলো ফাগুনতে সেয়েহে তুমি মোৰ অতিকে আপোন |
> কলীয়া তুমি আপোন বুলি যে দিয়া ধূসৰ ৰস
ৰাখো তাতো প্ৰহৰৰ গতি
সুৰৰ আঁৰৰ বিষাদ খিনি মইও বও,
তোমালৈ বুলি আজিও বৰদৈচিলা হও ।
শুনো যেন সুৰ / সংযমহীন যাযাবৰী জীৱনৰ ঠিকনা / সাক্ষী হ’ল পৃথিৱীৰ মৌনতা !
মোৰ দৰেই আৱেগত ধুমুহাৰ দৰে সাৰে থাকিবি ৰাতি ! মাথো অসীম অপেক্ষা...........স্তব্ধ...অনুভৱ ,,,,,
> তোমাৰ বাঁহীৰ সুৰে আজি খহাই মৌনাতাৰ পাৰ
মোৰো এবুকু বোৱতী ঢল...
সংযমহীন নাছিলো কাহানিও
আছিল সেইয়া মাথোঁ সেউজ বুলৰ প্ৰতিটো পল ।
মৃত্যুশীতল অগতানুগতিক অবিশ্বাসী ৰাতি, মাথো অপেক্ষা, নিষিদ্ধ এন্ধাৰ, এখন সেউজীয়া ছবি
> ৰাতিবোৰতো সদায়েই বিশ্বাসৰ ইপাৰ
চুই যায় তোমাৰ সুৰে সূদুৰৰ পৰা...
বাঁহীক নিদিও দোষ কানাই,
যৌৱন সেউজ এয়া, জানানে...
মোৰেই হৃদয় আজি অপেক্ষাৰে আঁক বাঁক কৰা ।
> হৃদয়ত বৈ যোৱা তোমাৰো আঁক বোৰক লৈ
কেনেকৈ নো বাও সেই নিসংগতাৰ মাকো
যুঁজাৰো মনৰ এন্ধাৰ কোণাত
তোমাৰ বাঁহীৰ মাত নুশুনি কেনেকৈ থাকো ?
কিছু অপ্ৰাপ্তিৰ কিছু প্ৰাপ্তিক লৈ সুমধুৰ নিশাৰ অনন্য অনুভূতিৰ আলিংগন !
> ৰাধাৰ বিৰহ তুমি নুবুজা কানাই
আলিংগন নহয়, বুকুত প্ৰেমৰহে দাবানল
প্ৰাপ্তিতটো নাছিল প্ৰেমৰ সীমা
ক'ত হেৰাল আমাৰ সেই যমুনা তীৰ বিশাল ?
বুকুত আন্তৰিক শিহৰণ, হেৰুওৱা সুৰৰ ..... !
অনুভৱ কৰো তোমাক প্ৰতিটো সুৰত সমৰ্পিত হৃদয়ৰ সমগ্ৰ শূন্যতাক...
> পোহৰ নদীৰ দুটি অবুজন পাৰ
তুমি, তুমি আৰু মই
অনুভৱৰ বুকু ভেদি উজাই বুজনে
সূতি হেৰাই বাঁহীৰ সুৰত
শূণ্যতাত সজাই তোলো উকা পাত খিলা... আহা
তুমি, মই আৰু মই ।
> ৰাধাৰ বিৰহত নোহে বিষ্ণুৰ মহিমা
প্ৰেমৰ সংঙ্গাই বা কি
বাঁহীৰ সুৰক থোৱা সযতনে
লক্ষীৰ দায়ত কৰিবা সাক্ষী
সাচঁটি যৌৱনৰ মিছা মায়া মোহত পৰি
এই পাগলী ৰাধাইনো তৰে কি ?
~ চৈয়দ আৰু হেমন্তৰ 2য় এটা সৰু প্ৰচেষ্টা ।
.